Sunday, March 31, 2024

আঁচবোৰঃ

 আঁচবোৰঃ

আঁচে কাহিনী কয় - কপালৰচকুৰডিঙিৰো

আঁচৰ সমান্তৰালত কিমান যে নৈ বয়।

ডুবাইত সাতবছৰ কটাই অহা যুৱকজন

এতিয়া চান ফ্ৰান্সিস্কোৰ পদপথৰ ভিখাৰী।

কষ্টোপাৰ্জিত এটি আঙুঠিৰে ফিৰিছিল ঘৰ।

সাতবছৰে মচ নোযোৱা গালৰ চুমাটো!

নিমিষতেই এটুকুৰা শিল হৈছিল

তাইৰ কোঁচত আৰু আঙুলিত ধৰি

যেতিয়া দুটি দেৱশিশুয়ে হাঁহিছিল। 

টেছলা ফালকনৰ দুৱাৰ দুখন উঠাই

চালকজনে কৈছিলে ‘আজি বৰ সুন্দৰ দিন’!

আৰুমই আজিকালি ইয়াত আঁচ দেখা পাওঁ

কভিদৰ পিছত মুখা পিন্ধি বা খুলি ওলাই অহা 

বহুতৰে মুখত আঁচেই আঁচ।

  • নীলাঞ্জনা মহন্ত

“পপীয়া তৰা”

 “পপীয়া তৰা”

মুখাখন খুলি এবাৰলৈ আইনাত চোৱাচোন?

কভিদতকিছুমান মুখাৰ আঁৰতচিনাকিও অচিনাকি!

আচল পৰিচয় লুকুৱাই আত্মহাৰা হয় ভিতৰৰ অসুৰ!!

লকডাউন আহিল কষ্ট কৰাৰ এলাহ

এন্ধাৰৰ আঁৰৰ অসুৰৰ বিয়াগোম লাৰূপ

সামাজিক মাধ্যমত মুখাৰ পিছৰ মুখ বিচৰাৰ,

সেই মুখ উদঙোৱাৰ ব্যৱসায় সেই এন্ধাৰৰ।

“Business target”, নিৰীহমনৰ চকুপানীৰে!

অচিনাকিও  যেন যুগযুগৰ আত্মীয়!

ক্ৰমে বাঢ়ে বিষবাষ্পবোৰঅসুৰে দাঁত নিকটায়!

মুখাহীনক বান্ধৱীয়ে কয়তুমি Angel নহবা।

আৰু এতিয়াযে মুখাপিন্ধা বা নিপিন্ধা বহুতেই 

একোজন নীলকণ্ঠ অথবা মুখাপিন্ধা ভদ্ৰ ব্যক্তি। 

  • নীলাঞ্জনা মহন্ত

অভিমানৰ বকুলপাহ

 অভিমানৰ বকুলপাহ


হেৰাই যোৱা সাধনাৰ সুপবিত্ৰ বকুলপাহ!

ঘূৰি আহিছিল দুপৰ নিশা জোনাক হৈ।

তলসৰা শুভ্ৰ তৰাৱলীৰ আকাশৰ মিচিকি সুবাস

অম্লান জোনৰ নৈত যেন স্বৰগমৰ পানচৈ

নাসাৰন্ধ্ৰৰ সুৰঙ্গৰে বহ্নিমান দিগন্ত জুৰি

জীপাল কৰিলে সুৰভিপিয়াসী ক্লান্ত মনপ্ৰাণ

বকুলে আঁকি যোৱা পথেৰে বাট বুটলি

উলটি আহিছিলে এজাক সপোনহাঁহি হৈ। 

কিছুমান সপোনে তথাপি দিঠক  নোখোজে,

বাৰিষাৰ ধলৰ দৰে দিকবিদিক বিচাৰি ফুৰে। 

  • নীলাঞ্জনা মহন্ত

নোটবুক

 নোটবুক


কালিলৈকে আমি অপৰিচিত কোনোবা

আজি হৃদয়ৰ অলিন্দত ঘৰ পাতিলাহি

সেই নাম নজনা সৰু চৰাইজনীৰ দৰে

পিছফালৰ বাৰাণ্ডালৈ কুটা কঢ়িয়াইছে

বিশ্বাসৰ এখনি সৰু ঘৰ সাজিবলৈ মন!

 কেৱল শান্তি আৰু সুখে স্থিতি ব।


জীৱনৰ প্ৰতিটো কথাই যিদৰে অস্থায়ী 

বিশ্বাসেই দিব সাহসহাঁহিবলৈ অনুৰাগ।

কালধুমুহাৰ নিদিবাচোন এতিয়াই জাননী

আৰু বহু হেপাহৰ বাট একেলগে বুটলিম

সুখৰ বাট যদি চমু আছিল

দুখৰ ৰাতিও পুৱাব অচিৰে। 

=====

Thursday, October 5, 2023

ক’লামেঘ - কবিতা

 লামেঘ


শেহৰাতি আমি কবিতা ৰচিছিলো

সাতখন সাগৰৰ বুকুৰ ঢৌক সাক্ষী কৰি৷ 

সাগৰতো ইমান পানী নাছিল

যিমান শব্দই ৰাতিটো আবেগ সানিছিল৷


মোক নৈপৰীয়াৰ সাধু শুনাইছিলা৷

পাহাৰৰ টিঙত হেৰাব বিচৰা মেঘত

লমালমে আবেগ উলমি

সিহঁতক তেনেই গধুৰ কৰিছিল৷


লামেঘ গধুৰ

বহুত দুখ লৈ ফুৰে সিহঁতি

সেয়ে লা মেঘ মোৰ আকাশলে আহিলে কষ্ট পাওঁ৷


শুকুলা মেঘলৈ বাকলীয়া মেঘলৈ নহয়

শুকুলা মেঘে সানিব তোমাক উষ্ম আদৰণি

আনিব দৰ বাতৰি!!

লামেঘবোৰ নানিবাসিহঁতেই আবেগবৰষুণ৷

তোমাকতো বৰষুণ নালাগে


যদি মেঘবোৰ তোমাৰ আবেগ 

তেনেহ তুমিচোন চিৰদিন অপেক্ষাতে কটাব লাগিব

সেই উৱঁলি যোৱা ছাতিটোৰ শপত৷ 

বিশ্বাসৰ বেলি — কবিতা

 বিশ্বাসৰ বেলি


সাকাৰ বলে লোৱা স্বপ্নটোয়ে মূৰ দাঙি সুধিলে,

বেলিটো উঠিলনে?

লোইয়াতেইতো আছিল অথনি

আহিব আকৌ উঠি৷

মাৰ যোৱা বেলিটো পুনৰ নাহেহে নাহে

তমসাত বুৰি ঠেটুৱৈত ঠেৰেঙা লগা সপোনটোৰ ভয়,

জানোচা সূৰ্যোদয় আৰু নহয়?

কিদৰে বুজাওঁ?

কিদৰে বিশ্বাস দিওঁ??

যাৰ ভৰষাত ধাৰণ কৰিলোঁ সপোনক মোৰ মনোস্বপ্নগৰ্ভত

অজান দেশত মেঘৰ সতে লুকাভাকু কৰা 

বেলিটোৰ খবৰনো মই কোনসতে দিওঁ!

বিশ্বাস বেলিটোৰ আন এটা নাম আছিল৷ 

Tuesday, September 26, 2023

সুপ্ৰভাতম

 সুপ্ৰভাতম 9/26/23

=============

সাৰে থকা বুলি উমানতে চিকুটি চালোঁ

দুৰ্ঘোৰ ক্লান্তিয়ে হেঁচা বিপ্ৰলব্ধ তুমি৷

চৌদিশ আছিল নিমাওমাও

স্তব্ধ দুৱাৰ-খিৰিকি আৰু বন্ধ সময়৷

ৰূঢ় বাস্তৱত দুৰু দুৰু ৰুগ্ন হৃদয়!

নাছিলনে শান্ত সৌম্য ৰোদনৰ ভয়

ইচোন সুসময় হোৱাৰ কথা আছিল!

সৰাপাতত দুস্ত্যজ লুক্কায়িত অধ্যায়

টোপনিৰ জালত খহিল পুনৰায়

জালিকটা সমবয়স্কী হাস্নাহানা ৰাতি

বতাহত বৈৰাগী গুল্মৰ আধিপত্য

দিঠকো দায়ী, পৰিম্লান প্ৰত্যেক স্বপ্নহৰ্ম্য৷ 

শিকলিৰ শপত, অমজুত কৰি অজুহাত

আজি কিজানি বেলিয়ে মিচিকিয়াব, উঠা বাপু৷